খাটা–বুটা কলা ফেঁচা কেতাৰ অল
বাৰে বাৰে যুনি শিয়ান শুক্ৰে
কৈপ্লা চুলি হলিয়েই ভাল
ডাঙাৰ চলাৰ আপীগিলা
দুইশ তিনশ হাজাৰ হলিত‘ চপ্পৰ ফাড়
মদাহী বাইপাকৰ বেংক বেলেঞ্চ্
ডাঙাৰ চলাৰ আপী গেলা
উৱাহ নলকে দাউৰি ফুৰে
বৰেৰ পুৱাৰপে মধ্যৰাতিক লগি
আমাৰ ঘৰত কিনু কাম বুলি
ফুইচলে আনা ডাঙাৰ চলাৰ আপীগিলা
বাইহা ৰুটি ,পুৰা য বাউংনাৰ বৰা খাই
কেইত্তবা তাহুন ইলিশ মাছ্
চিলি চিকেনো নাখই বুলি কবা নৰি
কুৰ্মাই এৰা জুঠা
মালিকৰ ঘৰোত পুষ্পিতাঅ হয়ে
ডাঙাৰ চলাৰ আপীগিলা
হাপুৰ দিনৰে অল্ড্ মদেল কাপুৰ আগযৰা
নেদা বুলি কবা নৰি
পুৰাণ বাকাচ ৰৈখা
বাইদ‘ই ল পাটৰযোৰা হলি চখু চাঁত মাৰি ধৰা
বাবু বাবুৱানীৰ স্মৃতি দুৰ্বল
টাকা সণা থৈ পাহ্ৰে
ইনভেষ্টিগেচনত ডাঙাৰ চলাটু ডাঙে
বিহু বৈছাখী কৰম তুছু
কায়ো নিবা নাহে
বিল্ডিঙৰ বেলকণীদি গাওঁখেন দেখি নাকি
চকখুৰ পানী ভাহে
কিটি পাৰ্টি টাছ খেলা ৰেছিপিৰ আলাপ
তাহাৰ ছলি পিয়াহ টানে
সহি সহি ভাগ্ৰি পৰে
ডাঙাৰ চলাৰ আপী গিলা
চোহম পেণ্টালুন ৰিলায়েঞ্চ ট্ৰেণ্ড্
জলক তবক লাগি বাগে ফুৰে
ডাঙাৰ চলাৰ আপীগেলা
পৈহ্লতে ছলি , পিছত মনা
মনাৰ ভৰত পিপ্ৰাহেন হৈ
উজাত খাই মৰা , আৰ‘
আশা নক্ৰাকে খাৰু মণি নখ পালিছ্ পাই
জাইপে মৰে ফুটপাঠ বাজাৰোত
ডাঙাৰ চলাৰ আপী গিলা
আলুৰ বাকাল চেলে চেলে
একতা কাপুৰৰ চিৰিয়েল চাই
কান্দি মৰে আপী গিলা
কালিৰ খণ্ডত ষড়যন্ত্ৰৰ পৰ্দা ফাচ
হয়ে না নহোই বুলি
মালিকনীৰ লগোত গভীৰ আলচনাত মগ্ন হএ
ডাঙাৰ চলাৰ আপী গিলা
মালিকৰ চকুত ধৰা নপৰাকে
ডাঙাৰ চলাৰ তলোত লুকে থ যায়
ডাঙাৰ চলাৰ আপী গিলা
কায়ো নেদখাকে চলাত তলোতে
পুৰাঠ হৈ থাকে তাহুন
চলাই বাচে ৰাখপাও নৰে
পহৰৰ যুখনী
আন্ধাৰত ঊৰ্বেশী হৈ পৰে
ডাঙাৰ চলাৰ আপী গিলা
চলাৰ তলোত পেটো ডাঙাৰ হএ
কুন‘ সংগঠনে সহায় তাহাক নক্ৰে
ভাং ভাজবাৰ খলা নহ হুন তো
পইচা দিবা নৰে
কুম্বা হৰোই কুম্বা পলোই জুই লাগিঅ মৰে
টিভিৰ ৰিপৰ্টাৰৰ পকেটমাখা ভৰে
ডাঙাৰ ডাঙাৰ চলাৰ তলৰ
মূল্যহীন জীৱন খাটা হৈ পৰে ।
(কবিতাটিৰ সাধুৰূপ)
চোলাই গিলা ছোৱালীহত
চুটি–চাপৰ ক‘লা ফেঁচা
ফেচকুৰীৰ ভড়াল
বাৰেপতি যিয়ে শেঙেণু উজায়
ৰঙাচুলিয়া হ‘লেই ভাল
চোলাই গিলা ছোৱালীহত
দুশ তিনিশ হেজাৰ হ‘লেতো চপ্পৰ ফাড়
মদাহী বাপেকৰ বেংক বেলেঞ্চ্
ডাঙৰ চোলাৰ ছোৱালীহত
উধাতু খাই লৰি ফুৰে, পুৱা গৈ দোভাগ ভৰে
ঘৰত আমাৰ কাম নাই বুলি
ফুচুল খাই আহে চোলাই গিলা ছোৱালীহত
বাহি ৰুটি পুৰিযোৱা বেঙেনাবৰাৰে আহাৰ কৰিলেও
কেতিয়াবা সিহঁতে ইলিহী আৰু চিকেন পোলাও
খাবলৈ পায় আলহীয়ে এৰা জুঠা
মালিকৰ ঘৰতে তোলনী হয়
চোলাই গিলা ছোৱালীহত
হাপুৰ দিনৰে বাকচ ৰখীয়া অল্ডম‘ডেল কাপোৰ এযোৰো পায় সেই উচৱত
বাইদেউৰ যোৰ হ‘লে তেনেই নতুন
চকু চাটমাৰি ধৰা
বাবু–বাবুৱনীৰ স্মৃতি দূৰ্বল
সোণ টকা থৈ বিচাৰি নাপায়
ডাঙৰ চোলাৰ তলখন বাৰেপতি
ডাঙি চায়
বিহু বৈচাখী কৰম টুচু
কোনেও সিহঁতক নিবলৈ নাহে
বেলকণিৰে দেখিনে গাঁওখন
চকুপানী টল–মল ভাহে
কিটিপাৰ্টি টাছৰ আড্ডা ৰেছিপিৰ আলাপেৰে সময় বাগৰে
বেবীহতে পিয়াহ ধৰি টানে
সহি সহি ভাগৰি পৰে
চোলাই গিলা ছোৱালীহত
চোহম পেণ্টালুল ৰিলায়েঞ্চ্ ট্ৰেণ্ড
বগাই ফুৰে জলক–টবক
ডাঙৰ চোলাৰ ছোৱালীহত
এহাতে কেচুৱা, এহাতে মোনা
মোনাৰ ভৰত পৰুৱা হৈ
উজুটিয়াই মৰে
আৰু আশা নকৰাকৈ খাড়ু–মণি পাই
জপিয়াই উঠে ফুটপাঠ বজাৰত
চোলাই গিলা ছোৱালীহত
আলুৰ বাকলি গুচাই গুচাই
একতা কাপুৰৰ ধাৰাবাহিক চাই
কান্দি মৰে ছোৱালীহত
কাইলৈৰ খণ্ডত ষড়যন্ত্ৰৰ পৰ্দাফাঁচ হয়নে নহয় বুলি বাইদেউৰ লগত
গভীৰ আলোচনাত মগ্ন হয়
সেই ছোৱালীহত
চাৰৰ চকুত ধৰা নপৰাকৈ
ডাঙৰ চোলাৰে ঢাকি থোৱা হয়
চোলাই গিলা ছোৱালীহত
চোলাৰ তলতে পূৰঠ হয়
চোলাই কিনো বচাব পাৰে
পোহৰৰ যখিনীজনী
এন্ধাৰত ঊৰ্বশী হৈ পৰে
চোলাৰ তলত পেট বাঢ়ি যায়
একো সংগঠনে সহায় নকৰে
ভাং ভাজিবৰ খোলা নোহোৱাই
হাতখৰচনো ক‘ৰপৰা ভৰে !
কোনোবা হেৰায়,কোনোবা পলায় ,জুই লাগিও মৰে
ফাদিল নকৰিবলৈ বাতৰি যোগাওতাৰ
জেপ ফিটফিটিয়া হৈ ভৰে
ডাঙৰ ডাঙৰ চোলাৰ তলতেই
সৰু সৰু নিচলা জীৱন চুটি হৈ পৰে ।
ডেইজী তালুকদাৰ
অভিভাৱক